ৰাইজে শ্ৰমদানেৰে নিৰ্মাণ কৰিলে বাঁহৰ দলং

চটাইবাৰীত এবছৰে নিৰ্মাণ নহ’ল বানবিধ্বস্ত ধমধমা- ৰঙিয়া গড়কাপ্তানি পথ। ৰাইজে শ্ৰমদানেৰে নিৰ্মাণ কৰিলে বাঁহৰ দলং।

লোকনিৰ্মাণ বিভাগ আৰু স্থানীয় বিধায়ক তথা জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অমনোযোগিতাত বিগত এবছৰ ধৰি যাতায়াত বিচ্ছিন্ন হৈ থকা ধমধমা – ৰঙিয়া গড়কাপ্তানি পথটোৰ চটাইবাৰীৰ বানবিধ্বস্ত অংশত আজি নিজ বৰশিৰালৰ ৰাইজে শ্ৰমদানেৰে এখন বাঁহৰ দলং নিৰ্মাণ কৰে ৷

যোৱা বছৰ জুন মাহত পাগলাদিয়া নদীৰ বানপানীয়ে পথটোৰ চটাইবাৰীত থকা কালভাৰ্ট দুটাৰ লগতে প্ৰায় দুশ ফুট পথ চিঙি পেলাইছিল ।  বিচ্ছিন্ন হৈ পৰা পথচোৱাত এখন বাঁহৰ দলং নিৰ্মাণ কৰি দিয়া হৈছিল যদিও বাঁহৰ দলংখন অতি দুৰ্বল হোৱাত এমাহৰ পিচতে ভাঙি যায় ।

পথটোৰ এই বিধ্বস্ত অংশত খৰালি পথাৰেৰে উপ পথ উলিয়াই ৰাইজে অহা-যোৱা কৰিছিল যদিও বাৰিষা অহাৰ লগে লগে পুনৰ যাতায়াত স্তব্ধ হৈ পৰে ৷ চটাইবাৰী, নিজ বৰশিৰাল, উত্তৰ বৰশিৰাল, মাজু শিৰাল, খাটিকুছি আদি অঞ্চলৰ ৰাইজৰ যাতায়াত একমাত্ৰ পথ ধমধমা – ৰঙিয়া পথটো এনেদৰে বিধ্বস্ত হৈ থকাত যাতায়াতত ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে । বিশেষকৈ ধমধমাৰ শিক্ষানুষ্ঠানলৈ অহা ছাত্ৰ-ছাত্ৰীসকলে অতি কষ্টেৰে স্কুল-কলেজলৈ অহা-যোৱা কৰিবলগীয়া হৈছে৷

স্থানীয় ৰাইজে লোকনিৰ্মাণ বিভাগ আৰু জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন – নিবেদন কৰাৰ পিচতো গুৰুত্বপূৰ্ণ পথচোৱা মেৰামতি তথা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে । পথটোৰে সাধাৰণ ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলে অহা-যোৱা কৰিব পৰাকৈ নিজ বৰশিৰাল গাঁৱৰ একাংশ লোকে কাঠ-বা্ঁহ সংগ্ৰহ কৰি এখন বাঁহৰ দলং নিৰ্মাণ কৰে ৷

সমষ্টিটোৰ বিধায়ক এগৰাকী কেবিনেট মন্ত্ৰী হোৱাৰ পিচতো এবছৰ ধৰি সমষ্টিটোৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত এনেদৰে যাতনা ভোগ কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি স্থানীয় ৰাইজে শীঘ্ৰেই পথটো নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৷