ৰাইজে নিজে মেৰামতি কৰিলে গড়পোট বৰঘুলি পথ৷
বিধায়িকা সুমন হৰিপ্ৰিয়াৰ সমষ্টিৰ উন্নয়নৰ নমুনা গড়পোট বৰঘুলি পথ৷
যাতায়তৰ যমৰ যন্ত্ৰণা ৰাইজৰ৷
বাৰে বাৰে ৰাইজে অনুৰোধ কৰাৰ পিচতো গুৰুত্বই নিদিয়ে বিধায়িকা তথা পঞ্চায়ত প্ৰতিনিধিয়ে৷
ৰাইজৰ অভিযোগ, নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দি ভোট আদায় কৰে দলীয় কৰ্মী তথা নিৰ্বাচিত প্ৰতিনিধিয়ে, নিৰ্বাচনৰ পিচত পাহৰি যায় প্ৰতিশ্ৰুতি৷
উপায়ন্তৰ ৰাইজে আজি নিজে মেৰামতি কৰিলে পথ, আনকি চুবুৰিটোৰ কনকন একাংশ শিশু ও লাগি পৰিল আপোন চুবুৰিৰ কদৰ্যময় পথ মেৰামতি কৰিবলৈ৷