ৰঙিয়া ৰেল ষ্টেচনৰ সমীপৰ পৰা চুইফট ডিজায়াৰ হাইজেক ।
গ্ৰাহকৰূপী তিনি দুৰ্বৃত্তই হাইজেক কৰিলে AS 19 M 8515 নম্বৰৰ বগা ৰঙৰ চুইফট ডিজায়াৰ ।
বঙাইগাঁওৰ পৰা ভাড়াত লৈ অহা চুইফট ডিজায়াৰৰ চালকক নিচা জাতীয় দ্ৰব্য খুৱাই হাইজেক কৰিলে চুইফট ডিজায়াৰখন ।
ঘটনাৰ বিৱৰণি অনুসৰি বৃহস্পতিবাৰে বঙাইগাঁওৰ পৰা ৰঙিয়ালৈ ভাড়া কৰিছিল চুইফট ডিজায়াৰ বাহনখন । গ্ৰাহকজনে ৰঙিয়াত আন দুই সহযোগীৰ সৈতে লগ হৈ ৰঙিয়াৰ ষ্টেচনৰ সুভম হোটেলত খাবলৈ দিছিল তিনি সহযোগীৰ সৈতে চালকজনকো । তাৰ পিছতে অচেতন হৈ পৰে বঙাইগাঁও জিলাৰ ধালিগাঁওৰ গণেশ মন্দিৰৰ সমীপৰ নিবাসী তথা চালক নৃপেন চন্দ্ৰ দাস (৪৫) ।
আৰক্ষী আৰু আৰপিএফে অচেতন অৱস্থাত সুভম হোটেলৰ পৰা উদ্ধাৰ কৰে চালকজনক । আৰক্ষীয়ে লগে লগে ততাতৈয়াকৈ ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে চালকজনক ।