ৰঙিয়াঃ ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ সমষ্টি ৰঙিয়াত কংগ্ৰেছৰ বিশাল সভা। ৰঙিয়াৰ ৰাজীৱ ভৱনৰ পৰা বিজেপিক আক্ৰমণ কেইবাজনো কংগ্ৰেছৰ ৰথী-মহাৰথীৰ। ক্ষমতাই মূৰত ধৰিছে বিজেপিৰ। সেয়ে ৰাইজৰ দুখ-দুৰ্দশা ৰ কথাক গুৰুত্ব নিদিয়া হৈছে বিজেপিয়ে।
অসমৰ ৰাইজৰ প্ৰতি বিজেপি দায়বদ্ধ হ’লে শিলসাঁকোত এনেদৰে উচ্চেদ নচলালে হেতেন। থলুৱাক ভূমি দিব নোৱাৰা বিজেপিয়ে ৰামদেৱক কেনেকৈ ভূমি দিব পাৰে বুলি প্ৰশ্ন কংগ্ৰেছৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তৈল পামখেতি কৰিব দি জৈৱবৈচিত্ৰৰ প্ৰতি ভাবুকি অনা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই।
বিজেপিৰ কোনো ইচ্ছু নাই কাৰণে ইণ্ডিয়া, ভাৰত নামৰ ওপৰত বিতৰ্কৰ সৃষ্টি কৰিছে বুলি মন্তব্য কংগ্ৰেছ নেতাৰ।
কামৰূপ জিলা কৃষক কংগ্ৰেছৰ উদ্যোগত আৰু অসম প্ৰদেশ কৃষক কংগ্ৰেছৰ সহযোগত ৰঙিয়াত বৃহস্পতিবাৰে ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপূৰ্তি অনুষ্ঠানত কংগ্ৰেছ নেতা আব্দুল খালেক, নন্দিতা দাস, প্ৰাণজিৎ চৌধুৰী, ঘনশ্যাম কলিতা, বিবুলৰ ৰহমান প্ৰমুখ্যে কেইবাজনো নেতা উপস্থিত থাকে।
সভাখনত কংগ্ৰেছৰ লগতে বিজেপি বিৰোধী কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে। সভাৰ পিছতে ৰঙিয়াৰ চহৰৰ মাজেৰে এক সমদল উলিয়াই কংগ্ৰেছৰ নেতা-কৰ্মীসকলে। কংগ্ৰেছ দলৰ সদস্য সকলে হাতে হাতে প্লে কাৰ্ড আৰু কংগ্ৰেছৰ পতাকা লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদ মুখৰ হৈ পৰে। অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰ ব্যৰ্থ হোৱা বুলিও সমদলকাৰী সকলে শ্ল’গান দিয়ে।