৫ আগষ্ট, শনিবাৰে ১৯৬৩ চনত স্থাপন হোৱা ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হয় ।
দিনটোৰ কাৰ্যসূচীৰ আৰম্ভণি বন্তি প্ৰজ্বলনেৰে কৰা হয় । বন্তি প্ৰজ্বলন কৰে ৰঙিয়া মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকায় । তাৰ পিছত পতাকা উত্তোলন কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ব্ৰজেন্দ্ৰ শইকীয়ায় ।
প্ৰতিষ্ঠা দিৱসৰ দিনাখনেই মহাবিদ্যালয়খনৰ নৱনিৰ্মিত অধ্যক্ষৰ আবাস তথা অতিথিশালা দ্বাৰ উন্মোচন কৰে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতায়।
অনুষ্ঠানটোত প্ৰাক্তন ছাত্র ছাত্ৰী সভাপতি তথা ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা আৰু উপ সভাপতি প্ৰকাশ ডেকাৰ লগতে মহাবিদ্যালয় খনৰ অধ্যাপক অধ্যাপিকা সকলৰ লগতে ছাত্র-ছাত্ৰী সকল উপস্থিত থাকে ।