শুক্ৰবাৰে, ৰঙিয়া মহকুমা প্রশাসনৰ উদ্যোগত দিব্যাংগ শিবিৰৰ আয়োজন হৈ যায়।
বঞ্চিত হৈ থকা বিশেষ ভাবে সক্ষম লোকৰ বাবে ৰঙিয়া মহকুমা প্রশাসনে আয়োজন কৰিছিল এই শিবিৰৰ।
বিশেষ ভাবে সক্ষম লোকসকলৰ বাবে ৰঙিয়া মহকুমা প্রশাসনে লৈ আনিলে এই সু-ব্যৱস্থা যাতে সকলো দিব্যাংগয়ে দিব্যাংগ প্ৰ-পত্ৰ লাভ কৰে।
ৰঙিয়া মহকুমাৰ অন্তৰ্গত যি সকল বিশেষ ভাবে সক্ষম লোকে আজি পৰ্যন্ত আৰ্থিক দুৰৱস্থাৰ বাবে এখন দিব্যাংগ প্ৰ-পত্ৰ বনাবলৈ সক্ষম হোৱা নাছিল তেখেতসকলৰ বাবে লৈ আনিছে এই বিশেষ সেৱা ৰঙিয়া মহকুমা প্ৰশাসনে।
আজি ৰঙিয়া নগৰৰ মাজমজিস্থিত হৰদত্ত-বীৰদত্ত ভৱনত আয়োজন কৰিছে এই দিব্যাংগ শিবিৰৰ।
শিবিৰত বিশেষ ভাবে সক্ষম লোক সকলক প্ৰ-পত্ৰখন বনাই দিয়া হয়।
ৰঙিয়া মহকুমাৰ বিভিন্ন অঞ্চলৰ পৰা শতাধিক লোকে আহি অংশগ্ৰহণ কৰে এই শিবিৰত।
ৰঙিয়া মহকুমা প্রশাসনৰ এই পদক্ষেপক এতিয়া ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।