ৰঙিয়াঃ পুনৰ সাৱধান হওক বাল্য বিবাহ কৰোৱা স্বামী সকল। কিয়নো ৰাজ্যত তীব্ৰতৰ হৈছে আৰক্ষীৰ বাল্যবিবাহ কৰোৱা সকলৰ বিৰূদ্ধে অভিযান।
সেইদৰে ৰঙিয়াটো অবৈধ স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান চলিছে।
ৰঙিয়া মহকুমাত ৫ জনকৈ অবৈধ স্বামী গ্ৰেপ্তাৰ ।
ৰঙিয়া মহকুমাৰ বিভিন্ন ঠাইত সোমবাৰে নিশা বাল্য বিবাহ কৰা অবৈধ স্বামীৰ বিৰুদ্ধে চলিল অভিযান ।
নিশা ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে পাঁচজনকৈ অবৈধ স্বামী ।
তাৰে ভিতৰত তুলসীবাৰীৰ পৰা আমজাদ আলী, হামিদ আলী, আৰু ফজলুদ্দিন আলীক গ্ৰেপ্তাৰ কৰে ইয়াৰ পিছত পিতাম্বৰ হাতবজালী বৰহমপুৰৰ পৰা জিয়াৰুল ইচলাম আৰু কাদিৰ আলীক গ্ৰেপ্তাৰ কৰে।
একে নিশাই আৰক্ষীৰ অভিযান চলিল ৰঙিয়াৰ তুলসীবাৰী, পিতাম্বৰ হাতবজালী অঞ্চলত।
বাল্য বিবাহৰ সৈতে জড়িত আটাইগৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰখিছে।