ৰঙিয়া-বৰঘূলি পথটোৰ এটা অংশ উটুৱাই নিয়াত যাতায়ত ব্যাহত

ৰঙিয়াৰ চেনিমাৰা-বিহাপাৰা অঞ্চলত বানে মূল পথটো চিঙি নিয়াত যাতায়তৰ সমস্যাই দেখা দিছে।

বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও বলিয়া বানে ৰঙিয়া-বৰঘূলি পথটোৰ এটা অংশ উটুৱাই নিয়াত যাতায়ত ব্যাহত হৈ পৰিছে ।

পথটোৰ মাজেৰে প্ৰৱল সোঁতত পানীৰ সোঁত বৈ থকাত অতি বিপজ্জনকভাৱে ৰাইজে চলাচল কৰিবলৈ বাধ্য হৈ পৰিছে ।

ইতিমধ্যে পথটোৰে যাতায়ত কৰাত বহু কেইটা দুৰ্ঘটনাও সংঘটিত হৈছে । দৈনিক শতাধিক গাঁৱৰ সহস্ৰাধিক লোকে অহা-যোৱা কৰা এই মূল পথটো এনেদৰে বানত চিঙি যোৱাত বৃহত্তৰ অঞ্চলটোত এতিয়া অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । বিশেষকৈ ছাত্র-ছাত্ৰী , মহিলা , বৃদ্ধ আৰু ৰোগীয়ে যাতায়ত কৰাটো দুৰ্বিষহ হৈ পৰিছে ।

পথটোৰ এই স্থানত এখন দলং নথকা বাবে পূৰ্বতেও চাৰিবাৰকৈ এনেদৰে ভাঙি গৈছিল । পুনৰ এইবাৰ বানত পথচোৱা চিঙি যোৱাত ৰাইজে যাতায়তৰ নামত জীয়াতু ভুগিব লগা হৈছে । এনে জ্বলন্ত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ইয়াত এখন দলং নিৰ্মাণ কৰিবলৈ বানপীড়িত ৰাইজে দাবী জনায় ।