ৰঙিয়া পৌৰসভাৰ “স্বচ্ছতাই সেৱা-২০২৩” অধীনত ইণ্ডিয়ান স্বচ্ছতা লীগ ২.০ শীর্ষক কাৰ্যসূচী

ৰঙিয়াঃ ৰঙিয়া পৌৰসভাৰ “স্বচ্ছতাই সেৱা-২০২৩” অধীনত ইণ্ডিয়ান স্বচ্ছতা লীগ ২.০ শীর্ষক কাৰ্যসূচী। ৰঙিয়াৰ তিনিআলি বজাৰত ৰাবিবাৰে গোটা জাৱৰ প্ৰৱন্ধন কেন্দ্ৰৰ শুভ-উদ্বোধন।

ইয়াৰ লগত সংগতি ৰাখি স্বচ্ছ ভাৰত অভিযান (নগৰাঞ্চল) অধীনত জাবৰ পৃথকীকৰণ আৰু নিষ্কাষণৰ সন্দৰ্ভত এখন সজাগতা কৰ্মশালা আৰু সজাগতা শিৱিৰৰ আয়োজন কৰা হয় ‌। লগতে এখন স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হয়।

অনুষ্ঠানটোত উপস্থিত থাকে ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্র লহকৰ, উপ পৌৰপতি বিদ্যুৎ ডেকাৰ লগতে ৰঙিয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া নীল হৰিৎ কৌশিক প্ৰমুখ্যে গণ্য মান্য ব্যক্তি সকল । পৌৰসভাৰ এনে কাৰ্যসূচীয়ে চহৰখন পৰিস্কাৰ-পৰিচন্নতাৰ দিশে আৰু এখোজ আগুৱাই নিব বুলি আশা কৰা হৈছে ।