ৰঙিয়া পলিক্লিনিকত উত্তপ্ত পৰিস্থিতি: ম্যাদ উকলি যোৱা বেজি দিলে নৱজাতকক

ৰঙিয়া পলিক্লিনিকত উত্তপ্ত পৰিস্থিতি । শিশুৰ জীৱনক লৈ হেতালি কৰাৰ অভিযোগ ব্যক্তিগত চিকিৎসালয়খনৰ বিৰুদ্ধে । ম্যাদ উকলি যোৱা বেজি দিলে নৱজাতকক ।

ঘটনাৰ অনুসৰি পাঁচদিন পূৰ্বে জন্মপোৱা এটি শিশুক জণ্ডিছৰ বেজি এটি দি ঘৰলৈ যাবলৈ দিয়া হৈছিল । আৰু পৰৱৰ্তী ১২ঘন্টা পাছত দ্বিতীয়টো বেজি দিবলৈ কোৱা হৈছিল । সেই মৰ্মে নিশা ওচৰৰে এজন ফাৰ্মাছিষ্টক মাতি আনি বেজিটো দিয়াৰ ব্যৱস্থা কৰা হৈছিল যদিও ফাৰ্মাছিষ্টজনে বেজিটোৰ ম‍্যাদ চাৰিমাহ পূৰ্বেই উকলি যোৱা প্ৰত‍্যক্ষ কৰে । ইয়াৰ পাছতেই শংকিত হৈ পৰে শিশুটিৰ পিতৃ মাতৃ তথা পৰিয়ালবৰ্গ । পৰিয়ালবৰ্গই লগে লগে পলিক্লিনিক কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে ।

উক্ত বেজিটো দিয়া বুলি হস্পিটালখনৰ নাৰ্চগৰাকীয়ে প্ৰথমে স্বীকাৰ কৰে যদিও ৰাইজৰ ৰুদ্ৰমূৰ্তী দেখি পৰৱৰ্তী সময়ত ভাষ্য সলনি কৰে । চিকিৎসালয়ৰ কৰ্তৃপক্ষই বিষয়টো গাপ দিবলৈ চেষ্টা কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে । ইফালে চিকিৎসালয়খনৰ ফাৰ্মাছিষ্টজনে ৰাইজৰ ৰুদ্ৰমুৰ্তি দেখি পলায়ন কৰি মোবাইলৰ চুইটচ অফ কৰি আত্মগোপন কৰা ঘটনাই বিষয়টো অধিক ৰহস্যঘন হৈ পৰে ।

গুৰুত্বপূৰ্ণ কথাটো হ’ল ৰঙিয়া পলি ক্লিনিকত প্ৰায়েই এইধৰণৰ ঘটনা সংঘটিত হৈ থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে । ৰাইজৰ প্ৰশ্ন আৰু কিমান দিনলৈ এইদৰে ৰোগীৰ জীৱনৰ লগত হেতালি খেলিব ৰঙিয়া পলিক্লিনিকে । এই ক্ষেত্ৰত ৰঙিয়া মহকুমা প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ গ্ৰহণ কৰিবনে ! নে এনেদৰেই নিজ ময়মতালিৰে চলি থাকিব ৰঙিয়া পলি ক্লিনিক হস্পিতল !