ৰঙিয়া তুলসিবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোমবাৰে এক বিনামুলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। স্থানীয় বিধায়ক ভবেশ কলিতাৰ উদ্যোগ তথা কামৰূপ জিলা স্বাস্থ্য সমিতি আৰু ৰঙিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত কৰা হয় উক্ত শিবিৰ।
অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্থানীয় লোক সকলক স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । চকু, নাক, কান, দাঁত, মেডিচিন, শিশু, গাইনকলজি, আদি বহু কেইটা বিভাগৰ চিকিৎসক সকলে ৰোগী সকলক চিকিৎসা প্ৰদান কৰে।
এদিনীয়া কৈ আয়োজন কৰা এই শিবিৰটোত প্ৰায় চাৰি শতাধিক লোকৰ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু ঔষধ প্ৰদান কৰাৰ লগতে কিছুমান ৰোগৰ পৰীক্ষা ও সম্পন্ন কৰা হয় । এই কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী চিপ্ৰা দাস তুলিচিবাৰী বহুমুখী উচ্চতৰ বিদ্যালয়ৰ অধ্যক্ষা লিনু বৰদলৈ আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট লোক ।