ৰঙিয়া ডিভিজনৰ অন্তৰ্গত মুঠ ১৫ টা ষ্টেচনক অমৃত ভাৰত ষ্টেচন আঁচনিৰ জৰিয়তে উন্নীত কৰা হব ।

ৰঙিয়া ডিভিজনৰ অন্তৰ্গত মুঠ ১৫ টা ষ্টেচনক অমৃত ভাৰত ষ্টেচন আঁচনিৰ জৰিয়তে উন্নীত কৰা হব ।

এই বিষয়ে এখন সংবাদমেল যোগে ৰেল মাণ্ডলিক বিষয়া নিৰজ গুপ্তাই কয় যে আগন্তুক ৬ আগষ্টত দিল্লীৰ পৰা ভাৰ্চুৱেলি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰঙিয়া ডিভিজনৰ পোন্ধৰটাৰ ভিতৰত চাৰিটা ষ্টেচনৰ শিলান‍্যাস কৰিব ।

শিলান‍্যাস হব লগীয়া ষ্টেচন কেইটা হৈছে ৰঙিয়া , নিউ বঙাইগাঁও আৰু উত্তৰ ৰাঙাপাৰা । লগতে একে দিনাই মেঘালয়ৰ মেন্দিপথাৰ ষ্টেচনৰো ৱৰ্ল্ড ক্লাছ ষ্টেচন আঁচনিৰ অধিনত শিলান‍্যাস কৰা হব ।

লগতে বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যে ষ্টেচন সমুহৰ উন্নীতকৰণৰ পিছত বিভিন্ন ধৰণৰ সুবিধা উপলব্ধ হব । বিশেষকৈ বিনামূলীয়া ৱাইফাই, পৰিষ্কাৰ খোৱা পানী, আধুনিক অনাময় সুবিধা, চিচিটিভিৰ পৰ্যবেক্ষণ, যাত্ৰী সকলৰ বাবে বিভিন্ন সা-সুবিধা তথা বিশ্ৰাম কক্ষ, দিব‍্যাঙ্গসকলৰ বাবে বিশেষ সুবিধা, লগতে ৰেলৰ ট্ৰেক সমুহৰো আধুনিকীকৰণ কৰা হব ।