ৰঙিয়া জীৱন বিমা নিগমৰ অভিকৰ্তা সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি ।

ৰঙিয়াঃ ৰঙিয়াত শনিবাৰে দিনজোৰা কাৰ্য্যসূচীৰে ৰঙিয়াত ভাৰতীয় জীৱন বিমা নিগম অভিকৰ্তা সন্থাৰ ৰঙিয়া শাখাৰ দ্বি- বাৰ্যিক অধিৱেশন খনি অনুষ্ঠিত হয়।

ৰঙিয়া গিৰীজা নন্দ ভট্টাচাৰ্য্য ভৱনত অনুষ্ঠিত হোৱা অধিৱেশনত ৰাতিপুৱাৰ ভাগত কেইবাটাও কাৰ্য্যসূচীৰ পিচত আৰম্ভ হয় মুকলি সভা । ভাৰতীয় জীৱন বিমা নিগমৰ অভিকৰ্তা সন্থাৰ ৰঙিয়া শাখাৰ সভাপতি ডিম্বেশ্বৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভাখন ।

প্ৰায় দুই শতাধিক এজেন্ট উপস্থিত থকা সভাখনত ভাৰতীয় জীৱন বিমা নিগমৰ অভিকৰ্তা সন্থাৰ কেইবাজনো বিষয়ববীয়া ববীয়া উপস্থিত থাকে । সভাৰ অন্তত কুমুদ চন্দ্ৰ দাসক সম্পাদক আৰু অপুৰ্ব কুমাৰ দাসক সভাপতি হিচাপে লৈ এখন ৩১ জনীয়া সমিতি গঠন কৰা হয় ।