ৰঙিয়া জিলা ক্ৰিয়াসন্থাৰ উদ্দোগত শনিবাৰে B ডিভিজন ফুটবল টুৰ্নামেণ্টৰ সফল সামৰণি

ৰঙিয়া জিলা ক্ৰিয়াসন্থাৰ উদ্দোগত শনিবাৰে B ডিভিজন ফুটবল টুৰ্নামেণ্টৰ সামৰণি পাৰে ।

ৰঙিয়াৰ জয়ন্তীপুৰৰ যোগেশ্বৰ হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা টুৰ্নামেণ্টৰ চুৰান্ত খেলত বাইহাটা প্ৰক্ষালন ক্লাৱৰ মুখামুখি হয় কেতেকীবাৰী জ্ঞানদা সংঘ ।

খেলখনত কেতেকীবাৰী জ্ঞানদা সংঘই জয়লাভ কৰে। প্ৰায় ৫ হাজাৰ দৰ্শকৰ উপষ্ঠিতিত B ডিভিজনৰ চুৰান্ত খেলখন অনুষ্ঠিত হয় । উল্লেখযোগ্য যে টুৰ্ণামেণ্টখনত ১৬ টা দলে আংশ গ্ৰহন কৰে । ফুটবল লীগ খনত দলসমূহৰ মাজত সৰ্বমুঠ ২৩ খন খেল অনুষ্ঠিত কৰা হৈছিল ।

সামৰণি খেলখনত উপস্থিত ৰাইজ তথা খেলুৱৈ সকলৰ উৎসাহ বৰ্ধন কৰি উদ‍্যোক্তা সকলে কয় যে যুৱ সমাজ আৰু গ্ৰাম্য অঞ্চলত খেলৰ প্ৰসাৰৰ বাবে ক্ৰিয়া সন্থাই নিজৰ খেলপথাৰৰ সলনি গ্ৰাম্যাঞ্চলত খেল সমুহ অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছে । তেওঁলোকে আশা প্ৰকাশ কৰে যে ইয়াৰদ্বাৰা নতুন খেলুৱৈ সকলে যাতে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ এখন মঞ্চ লাভ কৰে ।

শনিবাৰৰ চুড়ান্ত খেলখনত ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, অসম ফুটবল সন্থাৰ উপ সভাপতি তথা ৰঙিয়া ক্ৰিয়া সন্থাৰ সম্পাদক মুকুটানন্দ ভট্টচাৰ্য আৰু বহুকেইজন গণ্যমান্য ব্যক্তিকে ধৰি ক্ৰীড়া প্ৰেমী ৰাইজ উপষ্ঠিত থাকে ।