ৰঙিয়া চহৰৰৰ মাজমজিয়াৰ পৰা তিনিদিন পূৰ্বে চুৰি হোৱা ট্ৰাক সহ সামগ্ৰী উদ্ধাৰ কৰে ৰঙিয়া আৰক্ষীয়ে ।
ৰঙিয়া চহৰৰ মাজমজিয়াৰ পৰা তিনিদিন পুৰ্বে নিশাৰ ভাগত চুৰি হোৱা ট্ৰাকখন ৰঙিয়া আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিচতে যোৱা নিশা ৰঙিয়াৰ সমিপৰ উলুবাৰী আৰু ধুলবড়ীৰ পৰা চুৰি হোৱা সমগ্ৰী সমুহ উদ্ধাৰ কৰে । আৰক্ষীয়ে উদ্ধাৰ কৰা গেলামালৰ সামগ্রী সমুহৰ মুল্য প্ৰায় ২৫ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে । জানিব পৰামতে ৰঙিয়া চহৰৰ পোষ্ট অফিচৰ সন্মুখৰ পথৰ মালিয়া উপাধিৰ ব্যৱসায় এজনৰ AS 25 EC 2842 নম্বৰৰ ট্ৰাকখন চালকৰ সৈতে এক দুষ্ট চক্ৰই নিশাৰ ভাগত ৰাখিথোৱা অবস্থাত চুৰি কৰিছিল । এনেদৰে গেলামালৰ সামগ্ৰী ভৰ্ত্তি ট্ৰাকখন চুৰি হোৱাৰ পিচত ৰঙিয়া আৰক্ষীয়ে ঘটনাৰ পিচ দিনাই ৰঙিয়া তিতকুৰীৰ পৰা উদ্ধাৰ কৰিছিল খালি ট্ৰাকখন । আৰক্ষীয়ে ট্ৰাকখনৰ চালকজনক আটক কৰাৰ পিচত ঘটনাৰ লগত গাড়ী চুৰি চক্ৰৰ ম”স্ত ওৱানটেট ৰঙিয়াৰ সমিপৰ ধুলবড়ীৰ নৱা আলী জৰিত থকাবুলি স্বীকাৰ কৰে । চালকজনৰ অবগত কৰামতে ৰঙিযাৰ সমিপৰ উলুবাৰীৰ টাইগাৰ বড়ো, ধুলবড়ীৰ ৰফিজ আলী আৰু আলী হুছেইনৰ ঘৰত তালাচী চলাই ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত যোৱা বৃহৎ আৰক্ষী দলে । তালাচীৰ সময়ত লুকুৱাই ৰখা অবস্থাত চুৰি হোৱা সামগ্ৰী সমুহ উদ্ধাৰ কৰে আৰক্ষীয়ে । আৰক্ষী অহা আগতিয়া খবৰ পাই সামগ্ৰী মজুত ৰখা তিনিওজন ব্যক্তি পলায়ন কৰে । ইফালে ঘটনাৰ মুল নায়ক নৱা আলীক আটক কৰাৰ বাবে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যহত ৰাখিছে ৷