ৰঙিয়া গ্ৰাম্য ব্লক আৰু নগৰ ব্লক কংগ্ৰেছ কমিটিৰ শতাধিক কৰ্মীৰ প্ৰতিবাদী সমদল

পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰা আৰু এই নিৰ্বাচনত দলীয় চিহ্ন ব্যৱহাৰ দাবীৰ লগতে সঘন বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে মঙলবাৰে ৰঙিয়াত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ।

ৰঙিয়া গ্ৰাম্য ব্লক আৰু নগৰ ব্লক কংগ্ৰেছ কমিটিৰ শতাধিক কৰ্মীয়ে প্ৰতিবাদী সমদল উলিয়ায় । প্ৰতিবাদকাৰী সকলে সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত ৰঙিয়াৰ ৰাজপথ কঁপাই তোলে ।

শাসকীয় দল বিজেপিৰ সাংগঠনিক ভেটি দুৰ্বল হোৱা বাবে চৰকাৰে দলীয় চিহ্নত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা নাই বুলি কংগ্ৰেছে অভিযোগ কৰে ।

আনহাতে সঘন বিদ্যুতৰ বিল বৃদ্ধিয়ে ৰাইজক হাৰাশাস্তি কৰা বুলিও তেঁওলোকে অভিযোগ কৰে । বিদ্যুতৰ বিল বৃদ্ধি কৰি ৰাইজক শোষণ কৰা বুলি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে । সমদলটো ৰঙিয়া নগৰৰ মাজেৰে গৈ ৰাজহ চক্ৰৰ কাৰ্যালয়ত উপস্থিত হয় ।

পিছত প্ৰতিবাদকাৰী সকলে ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পঞ্চায়ত নিৰ্বাচন সময়মতে আৰু দলীয় চিহ্ন ব্যৱহাৰ কৰাৰ দাবীত এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে । ইফালে বিদ্যুৎ মাচুলৰ হ্ৰাস কৰা আৰু লোড শ্বেডিং বন্ধ কৰা আৰু প্ৰি-পেইড মিটাৰ বন্ধ কৰাৰ দাবীত ৰঙিয়া ১ নং বৈদ্যুতিক উপ সংমণ্ডলৰ প্ৰৱন্ধকৰ জৰিয়তে মহাপ্ৰৱন্ধকলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।