ৰঙিয়াত আজি নটৰাজ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু ৰঙিয়া আৰক্ষীৰ সহযোগত পথসুৰক্ষা সম্বন্ধীয় এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয় ।

চন্দন দাসে লিখা আৰু পৰিচালনা কৰা নাটকখনত নাট্যগোষ্ঠীটোৰ শিল্পী সকলৰ লগতে ৰঙিয়াৰ আৰক্ষীয়েও অংশগ্ৰহণ কৰে ।

প্ৰথমে ৰঙিয়াৰ ভুটান বাছষ্টেণ্ডত আৰু তাৰপিছত ৰঙিয়াৰ হাইৱে চ’কত অনুষ্ঠিত নাটকখন উপস্থিত ৰাইজে আদৰি লোৱা পৰিলক্ষিত হয় ।

পৰিচালকে ৰাজপথত এটা দুৰ্ঘটনাৰে হঠাতে আৰম্ভ কৰা নাটকখনৰ প্ৰতি উপস্থিত ৰাইজ আকৰ্ষিত হয় । প্ৰথমাৱস্থাত সচাকৈ দুৰ্ঘটনা সংঘটিত হোৱা বুলি ভবা ৰাইজক পিছত শিল্পী সকলে পথসুৰক্ষা সম্পৰ্কে বুজাই কয় ।

লগতে নাটক পৰিবেশন স্থলীত উপস্থিত থকা ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়েও উপস্থিত ৰাইজক যানবাহন আইন সমুহ মানি চলিবলৈ অনুৰোধ জনায় ।