ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা । বহিঃৰাজ্যৰ পৰা অসমলৈ অহা কণীৰ গাড়ীত উদ্ধাৰ বৃহৎ পৰিমাণৰ আফিং । আটক দুজন ।
ৰঙিয়া আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই বৃহৎ পৰিমাণৰ আফিং উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বহিঃৰাজ্যৰ পৰা অসমলৈ অহা এখন ট্ৰাকৰ পৰা উদ্ধাৰ হোৱা আফিং সমুহৰ ওজন ৫.১৬ কেজি ।
ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চহৰ আৰক্ষীৰ উপ পৰিদৰ্শক সমৰজ্যোতি ডেকাৰ সহযোগত যোৱা নিশা ৰঙিয়াৰ সোঁমাজেৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰলীয়া নৈৰ দলংৰ সমিপত চলাই এই অভিযান ।
অভিযানটোত হাৰিয়ানাৰ পৰা অসমৰ কৰিমগঞ্জলৈ কণী কঢ়িয়াই অনা এখন PB -65BC – 5967 নম্বৰৰ এখন ট্ৰাকৰ ইঞ্জিনত লুকাই অনা উক্ত পৰিমাণৰ পাঁচ পেকেট আফিং উদ্ধাৰ হয় । আৰক্ষীয়ে লগে লগে ট্ৰাকখনৰ চালক পঞ্জাৱৰ ৰূপনগৰ জিলাৰ ওচমানপুৰ গাঁৱৰ সুকু দেৱ আৰু হাৰিয়ানা কুৰুক্ষেত্ৰ জিলাৰ বুদ্ধানী গাঁৱৰ হেপ্পি সিঙক আটক কৰে। ধৃত দুয়োজনকে ৰঙিয়া আৰক্ষীয়ে সোধপোচ অব্যহত ৰাখিছে ।