ৰঙিয়া আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী দিলোৱাৰ হুছেইন । জব্দ ড্ৰাগছ সহ চাবোনৰ বাকছ, খালি কন্টেনাৰ, মবাইল ফোন।
অপৰাধীৰ বাবে মুৰৰ কামোৰণী হৈ পৰা ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্তা আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে এটা এটাকৈ কেইবাটাও সফল অভিযান কৰিছে । ড্ৰাগছ ব্যৱসায়ীৰ বাবে ভয়ানক নাম হৈ পৰা ভাস্কৰ মল্ল পাটোৱাৰীয়ে ৰঙিয়া সদৰ আৰক্ষী থানাৰ অধিনৰটো বাদেই ৰাষ্ট্ৰীয় ঘাইপথ, ৰেল পথ আদিৰে বহিঃৰাজ্যলৈ দুষ্ট চক্ৰই সৰবৰাহ কৰা বনৰীয়া জীৱ জন্তু, নকল সোনৰ নাওঁ, অবৈধ মাৰানাস্ত্ৰ , বনৰীয়া জীৱ জন্তুৰ মুল্যবান অংগ আদিকে কৰি কোনো সামগ্ৰী আৰক্ষীৰ নজৰৰ পৰা সহজে সৰকী যাব দিয়া নাই এইজন সাহসী আৰক্ষী বিষয়াই । এনে অপৰাধ জনিত ঘটনা নিঃশেষ কৰাৰ বাবে চেষ্টা অব্যহত ৰখা আৰক্ষী বিষয়া গৰাকীয়ে আনকি ৰাজ্যৰ পুৰ্বৰ আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা প্ৰসাংশা পাবলৈ সক্ষম হোৱাৰ উপৰিও নগদ ধনৰে পুৰস্কৃত হৈছিল । বিশেষকৈ ৰঙিয়াৰ পৰা ড্ৰাগছ সম্পুৰ্ণৰূপে নিৰ্মুল কৰাৰ প্ৰতিজ্ঞা লৈ ৰঙিয়াত নিজৰ দায়িত্ব পালন কৰা এইজন সাহসী আৰক্ষী বিষয়াই ৰঙিয়াত ড্ৰাগছৰ লগত জৰিত কেইবাজনে নামিদামী ব্যৱসায়িক আটক কৰি ড্ৰাগছ জব্দ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।
এনেদৰে অপাৰেচন অবিৰাম অব্যহত থকাৰ সময়তে পুণৰ এক গোপন সুত্ৰৰ আধাৰত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী আৰু চহৰ আৰক্ষী উপ পৰিদৰ্শক সমৰজ্যোতি ডেকাৰ যোৱানিশা ৰঙিয়া উদিয়ানাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই । অভিযানত দিলোৱাৰ হুছেইন নামৰ ব্যক্তি এজনক আটক কৰে ।
ধৃত দিলোৱাৰৰ গৃহৰ পৰা তিনিটা চাবোনৰ বাকচ, কেইবাটাও কন্টেনাৰৰ লগতে ৩৭ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে ড্ৰাগছৰ বিৰুদ্ধে এনেদৰে অভিযান অব্যহত ৰখা কাৰ্য্য ৰঙিয়া বাসিয়ে যথেষ্ট সলাগ লয় ।