ৰঙিয়া আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ী

ৰঙিয়া আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ী জেহেৰুল ইছলাম

ৰঙিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি ৰঙিয়াৰ সোঁমাজেৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিৰ পৰা এজন আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীক আটক কৰাৰ উপৰিও গড়ৰৰ খৰ্গ এটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

জানিব পৰামতে নলবাৰী পৰা ৰঙিয়া অভিমুখে আহি থকা এম এল ০৫ এইছ ৯৩৩৬ নম্বৰৰ চাৰিচকীয়া বাহনখন আৰক্ষীৰ দলটোৱে ৰখবলৈ দিয়ে । গাড়ীখনে ৰখোৱা মাত্ৰকে আৰক্ষীৰ দলটোৱে তালাচী চলোৱাত গাড়ীৰ ভিতৰত লুকুৱাই অনা গড়ৰ খৰ্গ এটা উদ্ধাৰ হয় ।

ৰঙিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাষ্কৰ মল্ল পাটোৱাৰীয়ে জানিবলৈ দিয়ামতে আটকাধিন ব্যক্তিজন নলবাৰী জিলাৰ ঘোগৰাপাৰ আৰক্ষী থানাৰ অধিনৰ গৰগৰী গাঁৱৰ জেহেৰুল ইছলাম । ধৃত গড়ৰৰ খৰ্গ ব্যৱসায়ীজনে খৰ্গটো কোন ঠাইৰ পৰা আনিছিল জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে ব্যক্তিজনক সোধপোচ অব্যহত ৰাখিছে ।

ইফালে উদ্ধাৰ হোৱা খৰ্গটো ৰঙিয়াস্থ উত্তৰ কামৰূপ বন সংমণ্ডলক ৰঙিয়া আৰক্ষীয়ে হস্তান্তৰ কৰাবুলি জানিব পৰা গৈছে ।