ৰঙিয়া আদৰ্শ চিকিৎসালয়ত ৰক্তদান শিবিৰৰ আয়োজন

ৰঙিয়াঃ ৰক্তদান মহান দান । এই কথাষাৰ সৰোগত কৰি ৰঙিয়া আদৰ্শ চিকিৎসালয়ত ৰক্তদান শিবিৰৰ আয়োজন । আয়ুষ্মান ভৱৰ উদ্যোগত ৰঙিয়া BPHC আৰু DHS কামৰূপৰ সহযোগত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় ।

এই শিবিৰটোত প্ৰায় ৩০ গৰাকী লোকে ৰক্তদান কৰে। ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ নৱনীতা বৰা, ৰঙিয়া BPHC ৰ SDM&HO ডাঃ নিলমণি কলিতা, যোগাচাৰ্য জ্যেতিষ কলিতাই শিবিৰটোত অংশগ্ৰহণ কৰি ৰক্তদান কৰা লোকসকলক উৎসাহ বৰ্ধন কৰে ।

‘ৰক্ত দান জীৱন দান’ বুলি উল্লেখ কৰি ডাঃ নৱনীতা বৰাই কয় যে আজি এজন ব‍্যক্তিয়ে দান কৰা ৰক্তই কালি আন এজন মৃত‍্যুমুখী ব‍্যক্তিক জীৱন দান দিব পাৰে। বিশেষকৈ দুৰ্ঘটনা হলে আপাতকালীন স্থিতিৰ লগতে বিভিন্ন মাৰাত্মক তথা দুৰাৰোগ্য ৰোগৰ ৰোগীৰ জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰত ৰক্তদানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ৰক্তদান কৰা লোকসকলক ভূয়সী প্ৰশংসা কৰে ৰঙিয়াৰ ৰাইজে ।