বিদ্যুৎ বিভাগৰ চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ বাবে ৰঙিয়াৰ কৰাৰা গড়ভিতৰ বালাগাঁৱত ভয় আৰু শংকাৰ মাজেৰে দিন পাৰ কৰিছে শতাধিক পৰিয়ালে।
বাহৰ খুঁটাৰে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ যোগান ধৰিছে বিদ্যুৎ বিভাগে। স্থানীয় ৰাইজক কেৰেপ নকৰে ৰঙিয়াৰ ২ নং বৈদ্যুতিক উপ সংমণ্ডলে। উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ বাহৰ খুটাত গুৰুত্বপূৰ্ণ পথৰ মাজত থিয় কৰাই ৰাখিছে। প্ৰতিদিনে যাতায়ত কৰা শতাধিক লোকে হাতৰ মুঠিত জীৱন লৈ যাতায়ত কৰিবলৈ বাধ্য হৈছে।
উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ আছে বাহৰ খুঁটাটোৰ নিচেই তলত। বিদ্যুতৰ উচ্চ ক্ষমতা সম্পন্ন পৰিবাহী তাঁৰবোৰ ২৫ ৰ পৰা ৩৫ ফুট উচ্চতাত যোগান ধৰিব লাগে কিন্তু কৰাৰা গড়ভিতৰ বালাগাঁৱত মাটিৰ পৰা মাত্ৰ ১০ ফুট উচ্চতাত যোগান ধৰিছে বাহৰ খুঁটাত বিদ্যুতৰ তাঁৰ। যাৰ বাবে প্ৰায়ে সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।
লগতে আন এক মৰণফান্দ পাতিছে ৰঙিয়াৰ ২ নং বৈদ্যুতিক উপ সংমণ্ডলে। ৫০ ফুট বিদ্যুতৰ তাঁৰত ৭ টাতকৈ জোৰা ধাপলি মাৰি বিদ্যুৎ যোগান ধৰিছে গাঁওবাসীক। ৰাইজৰ এই জলন্ত সমস্যাৰ সমাধান বিচাৰি লিখিত অভিযোগ দিছিল ৰঙিয়াৰ ২ নং বৈদ্যুতিক উপ সংমণ্ডলক। কিন্তু নাই কোনো গুৰুত্ব নিদিলে।
এনেদৰেই দিনৰ পিছত দিন বাগৰিছে । আনহাতে এই খুঁটাটোৰ তাঁৰসমুহৰ ওপৰতে পৰি থকা বাঁহবোৰৰ বাবে নিচেই ওচৰত থকা লোকসকলে বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে । যিকোনো সময়তে বতাহ বৰষুণ বা অন্য কাৰণত যদি এই তাঁৰসমুহ ছিঙি যায় তেতিয়া এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই বিৰাজ কৰিছে অঞ্চলটোত।
ইতিপূৰ্বে কিছুদিন পূৰ্বে তাঁৰ ছিঙি মাটিৰ ওপৰত ভয়ংকৰ জুই লগাৰ কথা উল্লেখ কৰে স্থানীয় লোকসকলে। ৰাইজে অনতিপলমে বিষয়টো সন্দৰ্ভত এক পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।