ৰঙিয়াৰ প্ৰগতি সংঘত তৃনমূল কংগ্ৰেছ দলৰ কৰ্মী সভা অনুষ্ঠিত

ৰঙিয়াঃ ৰঙিয়াৰ প্ৰগতি সংঘত তৃনমূল কংগ্ৰেছ দলৰ কৰ্মী সভা অনুষ্ঠিত হৈ যায়।

দলটোৰ উত্তৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বড়া উপস্থিত থাকি কেন্দ্ৰ আৰু ৰাজ্যত শাসনাধিস্থিত বিজেপি দলৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ।

উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতি অঞ্জন কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দলটোৰ ৰাজ্যিক মুখপাত্ৰ দিলিপ শৰ্মাই ও অংশগ্ৰহণ কৰে । উত্তৰ কামৰূপ জিলা অন্তৰ্গত ভিন্ন প্ৰান্তৰ পৰা কেবা শতাধিক দলীয় কৰ্মী উপস্থিতিত সভা খনত দলীয় ঐক্য সুনিশ্চিত কৰণৰ ক্ষেত্ৰত বিভিন্ন কৌশল সন্দৰ্ভত উপস্থিত কৰ্মী সকলক অৱগত কৰোৱা হয়।বিশেষকৈ আগন্তুক লোকসভা নিৰ্বাচনত দেশৰ বিৰোধী দল সমুহৰ সৈতে ঐক্যবদ্ধ ভাবে বিজেপি দল নেতৃত্বাধীন চৰকাৰ ওফৰোৱাৰ বাবে ঐক্যমত পোষণ কৰা হয় । সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে দলীয় কৰ্মী সকলে ৰাজ্যিক সভাপতি গৰাকীক উষ্ম আদৰণি জনায় ।