ৰঙিয়াৰ নকুলত শাওনৰ পথাৰত কৃষকৰ সিমাহীন ব্যস্ততা

ৰঙিয়াৰ নকুলত শাওনৰ পথাৰত কৃষকৰ সিমাহীন ব্যস্ততা। সমানে সমানে মহিলা সকল ব্যস্ত হৈ পৰিছে হৈছে কৃষি কৰ্মত ।

উন্নত প্ৰজাতিৰ ১০ বিধ ধান খেতিৰ পৰীক্ষা কৰা হৈছে নকুল গাঁৱৰ খেতি পথাৰত। কৃষি বিভাগৰ অধীনষ্ঠ এপাৰ্টৰ সহায়ত বিনামূলীয়া ভাবে উন্নতমানৰ ১০ বিধ ধানৰ বীজ প্ৰদান কৰা হৈছিল। ইয়াৰে ভিতৰত যি সমূহ ধনে ভাল ফল দেখুৱাব সেইসমূহ বীজ অনাগত দিনত কৃষকৰ মাজত বিতৰণ কৰা হ’ব।

এই অঞ্চলৰ বহু খেতিয়কে প্ৰশিক্ষণ লৈ বিজ্ঞানসন্মতভাৱে উন্নত প্ৰজাতিৰ ধানৰ ভূঁই ৰোপণ কৰিছে । কৃষি বিভাগৰ অধীনস্থ এপাৰ্টৰ পৰা বিনামূলীয়াকৈ লাভ কৰা এই ধানৰ বীজেৰে আধুনিক প্ৰযুক্তিৰে খেতি কৰি এইসকল কৃষকে যথেষ্ট লাভবান হৈছে।

পৰম্পৰাগত পদ্ধতিৰ তুলনাত যথেষ্ট ধান পাবলৈ সক্ষম হৈছে কৃষক সকল। কৃষি আৰু জলসিঞ্চন বিভাগৰ পৰা লাভ কৰিছে পৰ্যাপ্ত সা সুবিধা। এই সকল কৃষকে নিজে স্বাৱলম্বী হৈ এক নিদৰ্শন দাঙি ধৰি বহু লোকক দেখুৱাইছে কৃষি কৰ্মৰে উপাৰ্জন কৰাৰ পথ ।