ৰঙিয়া: ৰঙিয়া সমষ্টিৰ অন্তৰ্গত তথা বিটিআৰৰ অধীনস্থ ধূলাবড়িত উচ্ছেদৰ জাননীৰ বিৰুদ্ধে এবিএমছুৰ প্ৰতিবাদ ।
বিটিআৰ প্ৰশাসনে অন্যায় ভাৱে উচ্ছেদ কৰিবলৈ ওলোৱাৰ অভিযোগ উত্থাপন কৰি এবিএমছুৱে দলংঘাটত ৰাজহুৱা প্ৰতিবাদী সভা অনুষ্ঠিত কৰি উচ্ছেদ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰে ।
উল্লেখ্য যে শেহতীয়াভাৱে ধূলাবড়ি অঞ্চলৰ প্ৰায় ২১ টা পৰিয়াললৈ গোৰেশ্বৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ ফালৰ পৰা উচ্ছেদৰ জাননী প্ৰেৰণ কৰে । ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অবৈধ ভাৱে দখল কৰা বুলি উক্ত জাননীত উল্লেখ থাকে ।
এই জাননীৰ পিছতে পৰিয়াল সমূহৰ মাজত হাহাকাৰ লাগে । এই উচ্ছেদৰ জাননীক অমানৱীয় আখ্যা দি এবিএমছুৱে শীঘ্ৰে এনে জাননী প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় ।
এই উচ্ছেদ কোনো কাৰণতে মানি লোৱা নহব বুলি প্ৰতিবাদকাৰী সকলে হুংকাৰ দিয়ে । লগতে চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।