ৰঙিয়াৰ তুলসীবাৰীত উদযাপন কৰা হয় পৱিত্ৰ ঈদ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াৰ তুলসীবাৰীতো উদযাপন কৰা হয় পৱিত্ৰ ঈদ।

আজি পুৱাৰ ভাগত ৰঙিয়াৰ তুলসীবাৰীৰ আঞ্চলিক ঈদগাহ ময়দানত আদায় কৰা হয় ঈদৰ সমূহীয়া নামাজ।

ৰঙিয়াৰ তুলসীবাৰীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাশতাধিক লোকে অংশ লয় সমূহীয়া নামাজত।

প্ৰতিকূল বতৰকো নেওচি সকলোয়ে আনন্দ মিলাপ্ৰীতিৰে সমাপন কৰে ঈদৰ নামাজ।