ৰঙিয়াৰ কৃষি বিভাগৰ চৌহদত নৱনিৰ্মিত প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন

বৃহস্পতিবাৰে ৰঙিয়াৰ কৃষি বিভাগৰ চৌহদত নৱনিৰ্মিত প্ৰশিক্ষণ কেন্দ্ৰ এটা উদ্বোধন কৰে ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই । এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানটোত ফিটা কাটি কাৰ্যালয়টো উদ্বোধন কৰে বিধায়ক গৰাকীয়ে ।

প্ৰায় ৮০ লাখ টকা ব‍্যয় সাপেক্ষে নিৰ্মিত প্ৰশিক্ষণ কেন্দ্ৰটোৰ দ্বাৰা ৰঙিয়াৰ ৰাইজৰ উপকৃত হব আশা ব‍্যক্ত কৰে বিজেপি নেতা গৰাকীয়ে । নাবাৰ্ডৰ ধনেৰে নিৰ্মিত ভৱনটো উদ্বোধনৰ পিছত পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰি ৰঙিয়াৰ বিধায়ক গৰাকীয়ে বিভাগটোৰ বিষয়া-কৰ্মচাৰী সকলক সঠিক ভাবে কাৰ্ম সম্পাদন কৰি ৰাইজক সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায় ।

কেন্দ্ৰটো উদ্বোধনৰ পিছত বিধায়ক গৰাকীয়ে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে ৰাজস্থানৰ ছিকৰৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ চতুৰ্থটো কিস্তিৰ ধনৰাশি মুকলি কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

অনুষ্ঠানটোত ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাৰ লগতে ৰঙিয়াৰ মহকুমাধিপতী দিপন বৰ্মন, কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকল, বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি সুবল পাল, বিজেপিৰ ৰঙিয়া নগৰ মণ্ডলৰ সভানেত্ৰী দ্বিপ্তী লহকৰৰ লগতে বহু সংখ্যক কৃষকেও অংশগ্ৰহণ কৰে ।