ৰঙিয়াৰ এটি এমত ধন উলিয়াবলৈ গৈ সৰ্বস্বান্ত হল জলসিঞ্চন বিভাগৰ এজন কৰ্মচাৰী ।

ৰঙিয়াৰ এটি এমত ধন উলিয়াবলৈ গৈ সৰ্বস্বান্ত হল জলসিঞ্চন বিভাগৰ এজন কৰ্মচাৰী ।

অসম আৰক্ষীৰ চাইবাৰক্ৰাইম বিভাগটোৱে অধিক সক্ৰিয় হৈ বিভিন্ন অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যহত ৰখাৰ সময়তে একাংশ অপৰাধীয়ে ধন লুটৰ বাবে লক্ষ্য কৰিলৈছে হোজা প্ৰকৃতিৰ কৰ্মচাৰী তথা বয়োজেষ্ট ব্যক্তি সকলক । এইসকল ব্যক্তি য়ে এটি এমৰ পৰা ধন উলিয়াবলৈ গলে কৌশলেৰে অপৰাধী ব্যক্তি সকলে এ টি এম সলাই লৈ উধাও হয় । ইয়াৰ পিচতে এ টি এমলৈ ধন উলিয়াবলৈ যোৱা ব্যক্তি জনৰ একাউন্টৰ পৰা নোহোৱা হৈ পৰা সকলো ধন । এনে এটা ঘটনা ৰঙিয়াত জলসিঞ্চন বিভাগত কৰ্মৰত এজন কৰ্মচাৰীৰ নিজৰ সাচতীয়া ধন নোহোৱা হৈ পৰাত বিপাঙত পৰিছে কৰ্মচাৰী জন । ৰঙিয়াৰ সমিপৰ মাদৈকটাৰ মখছেদ আলী নামৰ ব্যক্তিজনে ৰঙিয়াৰ এ টি এম এটাৰ পৰা ধন উলিয়াবলৈ এ টি এমত প্ৰৱেশ কৰিছিল । ব্যক্তিজনে এ টি এমৰ ধন উলিয়াবলৈ ধৰোতে পিচফালে থকা এজন যুৱকে এ টি এমত নিজৰ লগত থকা এখন এ টি এম সুমুৱাই দি ধন নাই বুলি ব্যক্তি জনক উভতাই পঠাই । যোৱ ৩ মে’ত এনে এটা ঘটনা সংঘটিত হোৱাৰ পিচত জলসিঞ্চন বিভাগৰ কৰ্মচাৰী জনে ভাৰতীয় ষ্টেট বেংকৰ নিজৰ এ টি এম খনৰে গুৱাহাটীত ধন উলিয়াবলৈ চেষ্টা কৰে । কৰ্মচাৰী জনৰ পিন কোট নিমিলাত ভাৰতীয় ষ্টেট বেংকৰ লগত যোগা যোগ কৰাত তেওঁৰ একাউণ্টৰ পৰা কোনো ব্যক্তিয়ে তিনিবাৰ কৈ সৰ্বমুঠ এক লাখ ৭৪ হেজাৰ টকা উলিয়াই নিয়ে । পিচত কৰ্মচাৰী জনে এ টি এম খন ভালদৰে চোৱাত তেওৰ এ টি এমখন সলনি কৰি দুৰ্বৃত্তই কৌশলৰে পবিন্দ্ৰ ৰায় নামৰ ব্যক্তি এজনৰ এ টি এম এখন দি যায় । পিচত উপায়ন্তৰ হৈ গুৱাহাটী জলসিঞ্চন বিভাগত কৰ্মৰত ব্যক্তিজনে ৰঙিয়া আৰক্ষী থানাত এখন এজাৰ দাখিল কৰে । ৰঙিয়া আৰক্ষীয়ে ঘটনা সম্পৰ্কত অনুসন্ধান আৰম্ভ কৰিছে ।।

Leave a Reply

Your email address will not be published. Required fields are marked *