ৰঙিয়াৰ উদিয়ানাত গভাইত চোৰক ৰাইজৰ উত্তম মাধ্যম

ৰঙিয়াৰ উদিয়ানাত গভাইত চোৰক ৰাইজৰ উত্তম মাধ্যম । ড্ৰাগছৰ বাবে ধৰ্মীয় অনুষ্ঠান আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগত লোহা চুৰি কৰি ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত কিশোৰ ।

ধৃত কিশোৰজনৰ ঘৰ ৰঙিয়া উদিয়ানাত । ধৃত চোৰৰ কৰুণ স্বীকাৰোক্তি ৰাইজৰ আগত : ‘ড্ৰাগছ নহলে জীয়াই থাকিব নোৱাৰোঁ’ । অত্যাধিক হাৰত বৃদ্ধি হৈছে ড্ৰাগছৰ মূল্য । সেই চুৰি কাৰ্য সংঘটিত কৰিবলৈ বাধ্য হৈছে । লগতে আন এক বিস্ফোৰক স্বীকাৰোক্তি :- ৰঙিয়াৰ উদিয়ানাৰ কত কেনেকৈ উপলব্ধ নিষিদ্ধ ড্ৰাগছ ! কোনে কোনে বিক্ৰী কৰে মৰাত্মক ড্ৰাগছ ! সকলো ড্ৰাগছ সৰবৰাহকাৰীৰ নাম উল্লেখ কৰিলে ৰাইজৰ আগত ।

ঘটনাৰ বিৱৰণী অনুসৰি ড্ৰাগছৰ নিচাত আসক্ত কিশোৰজনে সময়ে সময়ে পৰিয়ালৰ সদস্যৰ পৰা বিভিন্ন অজুহাত দেখুৱাই পইছা সৰকাই আহিছিল । পিছে ড্ৰাগছৰ মূল্য বৃদ্ধি পোৱাৰ লগতে আসক্তি বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত কিশোৰজনে ঘৰৰ পইছাৰে হিচাপ মিলাব নোৱাৰাত পৰে । ফলত ড্ৰাগছ কিনিবলৈ কিশোৰজনে উদিয়ানাৰ এটা মছজিদৰ পৰা ৰদ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ পাইপ চুৰি কৰি দুদিনকৈ ৰাইজে হাতে-লোতে আটক কৰে । ৰাইজে এবাৰ এবাৰকৈ দুবাৰে ক্ষমা কৰে ‌। কিন্তু দেওবাৰে কিশোৰজনে চুৰি কৰা ৰদ বিক্ৰী কৰিবলৈ ধৰোতে হাতে-লোতে আটক কৰে গভাইত চোৰজনক । একাংশ উত্তেজিত লোকে লপাথপা দি আৰক্ষীক গতাই দিয়ে ।