ৰঙিয়াৰ অযান্ত্ৰিক দলে অঙ্কন কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ’ ৰ সুবৃহৎ প্ৰতিচ্ছবি

ৰঙিয়াত অযান্ত্ৰিক দলৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ বিৰল সন্মান ।

বৃহৎ প্ৰতিচ্ছৱিৰ দেৱাল অংকনৰ প্ৰয়াস দলটোৰ ।
অসমীয়া জাতীয় জীৱনৰ সত্বা পৰিষ্ফুত কৰি সাহিত্য-সাংস্কৃতিক ক্ষেত্ৰৰ বিৰল প্ৰতিভাবান সকলক জীয়াই ৰখাৰ প্ৰয়াস দলটোৰ।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক যুগমীয়া কৰি ৰখাৰ ব্যাতিক্ৰমী পদক্ষেপ হিচাপে দলটোৱে নিজা খৰচত অংকন কৰে সুবৃহৎ প্ৰতিচ্ছবি ।

ৰঙিয়া নগৰৰ হাইৱে চকৰ উৰণীয়া সেতুৰ তলত ২৩ফুট ওখ আৰু ৩৫ ফুট বহল আকৃতিত অংকণ কৰে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। দলটোৰ এই মহৎ প্ৰয়াসে স্বাভাৱিকতে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ৰঙিয়া নগৰ ।