ৰঙিয়াত UPSC আৰু APSC পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ

এইবাৰ চুপাৰ 40 নহয় এইবাৰ চুপাৰ 50 ,আজমল চুপাৰ 40ৰ পিছত এইবাৰ ভবেশ কলিতাৰ নেতৃত্বত আৰম্ভ হ’ব চুপাৰ 50 । বৃহস্পতিবাৰে ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় UPSC আৰু APSC পৰীক্ষাৰ বাবে প্ৰশিক্ষণ। এই প্ৰশিক্ষণ হ”ব সম্পূৰ্ণ বিনামূলীয়া।

মেধাৰ ভিত্তিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 60 গৰাকী ছাত্ৰ ছাত্ৰী বাছনি কৰা হৈছে। বাছনি ভুক্ত ছাত্ৰ ছাত্ৰী সকলক ৪ মাহৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব। অসমৰ প্ৰশাসনিক বিষয়াৰ লগতে বৰঠাকুৰ আই এছ একাডেমিৰ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা দিয়া হ’ব প্ৰশিক্ষণ।

বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ আনুষ্ঠানিক শুভাৰম্ভনী অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও সমল ব্যক্তি। উল্লেখ্য যে অহা ১৪ আগষ্টৰ পৰা আৰম্ভ হব লগীয়া বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ।

ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতাৰ একক প্ৰচেষ্টাত সকলোৱে একেমুখে প্ৰশংসা কৰিছে। অনাগত ছাত্ৰ ছাত্ৰী লগতে অভিভাৱক সমাজে।