ৰঙিয়াঃ ৰঙিয়া চহৰৰ নবাৱ আলী নামৰ ব্যৱসায়ী এজনৰ এটি এম কাৰ্ডৰ জৰিয়তে ৩৪ হাজাৰ টকা লুট কৰি নিয়ে দুৰ্বৃত্তই । ৰহস্যময় বিষয়টো হল ব্যৱসায়ী জনৰ ATM কাৰ্ডখন উক্ত সময়ত নিজৰ লগতেই আছিল ।
নবাৱ আলীয়ে উক্ত ঘটনা দুই এজন বন্ধুক কোৱাত তেওঁলোকে কাৰ্ডখন কোনোবাই সলনি কৰাৰ সন্দেহ কৰিছিল যদিও কাৰ্ডখনত নবাৱ আলীৰ নাম ষ্পষ্টকৈ লিখা আছিল । যোৱা ৩ চেপ্তেম্বৰত প্ৰথম বাৰ ৯৫০০/- টকা, দ্বিতীয় বাৰ ৩০০০/- টকা আৰু আজি ৫ চেপ্তেম্বৰত প্ৰথম বাৰ ৯৫০০/- টকা, দ্বিতীয় বাৰ ৯৫০০/- টকা আৰু তৃতীয় বাৰ ৩০০০/- হাজাৰ টকা ATM ৰে লুটি নিয়ে ।
গ্ৰাহকৰ হাতত আচল ATM কাৰ্ড খন থকাৰ পিছতো কেনেকৈ দুষ্ট চক্ৰই কষ্ট উপাৰ্জিত ধন লুট কৰে সেইটো এতিয়া ডাঙৰ প্ৰশ্ন?? ইতিমধ্যে নবাৱ আলীয়ে ঘটনা সংক্ৰান্তত এই দুষ্ট চক্ৰতোৰ বিৰুদ্ধে ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰিছে।