ৰঙিয়াঃ ৰঙিয়াত ৰেলৰ ট্ৰেকত চলিল ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ লগতে শহস্ৰধীক লোকৰ ঝাড়ু।
স্বচ্ছ ভাৰত মিছনৰ অধীনত স্বচ্ছতাৰ এপষেক আৰু স্বচ্ছতাই সেৱা ২০২৩ৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে সমগ্ৰ দেশৰ লগতে আজি কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত বিভিন্ন চৰকাৰী বেচৰকাৰী সংগঠনে মহাত্মা গান্ধীৰ জন্মদিনৰ লগত সংগতি ৰাখি এক ঘণ্টা দেশৰ হকে শ্ৰমদান কাৰ্য্যসূচী অনুষ্ঠিত কৰে।
ৰঙিয়া ৬নং ৱাৰ্ডৰ পাৰিষদ উত্তম পালৰ নেতৃত্বত চলা আয়োজন কৰা কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিধায়ক ভবেশ কলিতা, ৰঙিয়া ৰেল সংমণ্ডলৰ মাণ্ডলিক প্ৰবন্ধক গৰাকীৰ লগতে সহস্ৰাধিক পুৰুষ-মহিলা।
ৰঙিয়া ৰেল সংমণ্ডৰ তৰফৰ পৰা ৰঙিয়া ৰেল স্টেচনৰ পৰিসৰ সহ ২০টা ৰেল স্টেচন ছাফাই কৰাৰ কাৰ্যসূচী গ্ৰহন কৰা হৈছে।