ৰঙিয়াত সদৌ অসম কবি মঞ্চৰ বঁটা প্ৰদান অনুষ্ঠান

সদৌ অসম কবি মঞ্চৰ বঁটা প্ৰদান অনুষ্ঠান । প্ৰয়াত সন্দীপ কলিতা ন্যসৰ উদ্যোগত ১৯ গৰাকীলৈ এই সন্মান ।

ৰঙিয়াঃ অসমৰ সাহিত্য চৰ্চাৰ অগ্ৰণী অনুষ্ঠান সদৌ অসম কবি মঞ্চ আৰু প্ৰয়াত সন্দীপ কলিতা ন্যসৰ উদ্যোগত সোমবাৰে ৰঙিয়া মহাবিদ্যালয় প্ৰেক্ষাগৃহত এক বৰ্ণাঢ্য অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানটোত সদৌ অসম কবি মঞ্চৰ ২০২৩ বৰ্ষৰ বাৰ্ষিক বঁ‌টাসমূহ প্ৰদান কৰা হয়। ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বৰ্ণিল অনুষ্ঠানত অসমৰ সমাজ জীৱনৰ লগতে সাহিত্য, সাংস্কৃতিক আৰু সংবাদ জগতলৈ অগবঢ়োৱা অনবদ্য অৱদান আৰু সেৱাৰ বাবে ১৯ গৰাকী বিশিষ্ট ব্যক্তিক বঁ‌টা প্ৰদান কৰা হয়।

স্বকীয় শৈলীৰে অসমীয়া সাহিত্যৰ ভৰাঁল সমৃদ্ধ কৰি অসমীয়া জাতীয় জীৱনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যক ৰঞ্জু হাজৰিকাক সদৌ অসম কবি মঞ্চৰ সৰ্বোচ্চ সন্মান “প্ৰজ্ঞাৰত্ন” বঁ‌টা ২০২৩ আগবঢ়োৱা হয় ৷ ইফালে নিজৰ অনবদ্য বিশেষ সেৱাৰ জৰিয়তে অসমীয়া সমাজ জীৱনলৈ সেৱা আগবঢ়োৱা বাবে গুৱাহাটী মহানগৰৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাস, লাচিত বৰফুকন পুলিচ একাডেমী, দেৰগাঁ‌ৱৰ উপ-আৰক্ষী অধীক্ষক কিৰণ চন্দ্ৰ নাথ, আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশিষ্ট চিকিৎসক ডা° মৃণাল ভুঞাক সেৱাৰত্ন বঁ‌টা ২০২৩ আগবঢ়োৱা হয়।

অনুষ্ঠানটোত বিশিষ্ট লেখিকা তথা লিখক লগতে কেইবাগৰাকী বিশিষ্ট সাংবাদিক, বিশিষ্ট অভিনেতা – অভিনেত্ৰী, সাংস্কৃতিক কৰ্মী, কবিকো সম্বৰ্ধনা জনোৱা হয় ।