ৰঙিয়াত শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৯৩সংখ্যক অধিৱেশন উপলক্ষে বৰগীতৰ কৰ্মশালা

ৰঙিয়াত শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৯৩সংখ্যক অধিৱেশন উপলক্ষে বৰগীতৰ কৰ্মশালা অনুষ্ঠিত হয়।

শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন উপলক্ষে ৰঙিয়াত আজিৰে পৰা বৰগীতৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। সংঘৰ ৰঙিয়া জিলা শাখা আৰু আদৰণি সমিতিৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰা হৈছে এই কৰ্মশালাৰ।

ৰঙিয়াৰ ভিন্ন প্ৰান্তৰ পৰা সমবেত প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰে শংকৰী সংগীত প্ৰশিক্ষণ পৰিষদৰ পঞ্জীয়ক ৰঞ্জীত বড়া, নলবাৰী জিলা শাখাৰ ভগীৰথ ৰাজৱংশী প্ৰমুখ্যে সমল ব্যাক্তি সকলে ।

প্ৰশিক্ষণৰ জৰিয়তে আগন্তুক শ্ৰী মন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশন উপলক্ষে সাংস্কৃতিক অনুষ্ঠানৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰা বুলি সদৰি কৰে উদ্যোক্তা সকলে।