৭৭ তম্ স্বাধীনতা দিৱসৰ দিনাখন সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ মহিলা সবলীকৰণ অভিযান ” শক্তি চুপাৰ চি (shakti super she) ” ৰ লগত সংগতি ৰাখি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ দিল্লীৰ মুখ্য কাৰ্য্যালয়ৰ লগতে দেশৰ সমূহ ৰাজ্য , জিলা আৰু সমষ্টিত যুৱ কংগ্ৰেছৰ উদ্যোগত পতাকা উত্তোলন কাৰ্য্যসূচী মহিলাৰ হাতেৰে কৰা হব ।
এই কথা এখন সংবাদমেল যোগে সদৰী কৰিলে কামৰূপ জিলা যুৱ কংগ্ৰেছে । কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সভাপতি আছিফুৰ ৰহমানে আঁত ধৰা সভাখনত কামৰূপ জিলা যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক ৰুহুল আমিনে শক্তি-চুপাৰ-চি অভিযানৰ বিষয়ে ব্যাখ্যা কৰে ।
তেওঁ কয় যে শক্তি-চুপাৰ-চি হৈছে নাৰী সবলিকৰণৰ দিশত যুৱ কংগ্ৰেছৰ অন্যতম প্ৰয়াস। এই অভিযানত সমাজৰ প্ৰতিটো স্তৰৰ মহিলাই অংশগ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰে ।