ৰঙিয়াঃ ৰঙিয়াত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই মঙ্গলবাৰে জি ২০ ত বিহু বিকৃতকৰণ সন্দৰ্ভত মন্তব্য আগবঢ়ায়। বিহুৰ বিকৃতকৰণ সম্পৰ্কে সাংসদ গৰাকীয়ে ১১ হাজাৰ নাচনীয়ে বিহু নাচি “গ্ৰীণিজ বুক অৱ ওৱাৰ্ল্ড ৰেকৰ্ড” গঢ়াৰ পিছত এনেকুৱা দুই এটা সৰু ঘটনাই বিহুক ম্লান কৰিব নোৱাৰে বুলি মন্তব্য কৰে । গোটেই ঘটনাটো মুখ্যমন্ত্ৰী মহোদয়ে পৰ্যবেক্ষণ কৰি থকা বুলি সংবাদ মাধ্যমক জানিব দিয়ে ।
চৰকাৰে মাইক্ৰ ফাইনেন্সৰ পৰা মহিলা সকলক ঋণমুক্ত কৰিব বুলি ঘোষণা কৰাৰ পিছতো একাংশ মহিলাক বেংকে চমন দিয়া কাৰ্য সন্দৰ্ভত সাংসদ গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ পিছত এইবোৰ কথা চিন্তা কৰিব নালাগে, এনেকুৱা ঘটনা দুই-এদিনৰ ভিতৰত সকলো ঠিক হৈ যাব বুলি কয় ।
এখন দেশ এটি নিৰ্বাচন সন্দৰ্ভত সাংসদ গৰাকীয়ে কয় যে দেশৰ উন্নয়নৰ বাবেই এই নীতি মানিব লাগে আৰু নিৰ্বাচনৰ বাবে হোৱা বৃহৎ ব্যয় ৰোধ কৰিবৰ বাবে এই নীতি অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে ।