ৰঙিয়াত যুৱ কংগ্ৰেছৰ National Unemployment Day পালন

ৰঙিয়াঃ ৰঙিয়াত আজি যুৱ কংগ্ৰেছৰ ‘National Unemployment Day’ পালন ‌। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত ৰঙিয়াত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ । নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰা বিজেপি চৰকাৰ হায় হায় ধ্বনিৰে পৰিবেশ উত্তাল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনটোতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই “আমৃত বৃক্ষ” নামকৰণৰে ৰাজ্যত ১ কোটি গছ পুলি ৰোপন কৰি অভিলেখ সৃষ্টি কৰিব বিচৰা সময়তে নৰেন্দ্ৰ মোদীক মিথ্যাচাৰ আখ্যা দি যুৱ কংগ্ৰেছে আৰম্ভ কৰিছে এই প্ৰতিবাদ ।

ৰঙিয়াত কামৰূপ জিলা যুৱ কংগ্ৰেছে প্ৰধানমন্ত্ৰী গৰাকীৰ আজিৰ দিনটোত National Unemployment Day হিচাপে পালন কৰি এক প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

যুৱ কংগ্ৰেছৰ কামৰূপ জিলাৰ সভাপতি আচিফুৰ ৰহমানে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে প্ৰধানমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনৰ আগত বছৰি দুই লাখ নিবনুৱাক কৰ্ম সংস্থাপন দিয়াৰ কথা ঘোষণা কৰিছিল। কিন্তু নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পিছত প্ৰধানমন্ত্ৰী গৰাকীয়ে সকলো প্ৰতিশ্ৰুতি পাহৰি গৈছে । যাৰ ফলত তীব্ৰ হাৰত নিবনুৱা সমস্যাই দেখা দিয়া বুলি অভিযোগ কৰে সভাপতি গৰাকীয়ে ।