ৰঙিয়াত যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিনামূলীয়া চিকিৎসা প্ৰদান

ৰঙিয়াত যুৱ কংগ্ৰেছৰ প্ৰশংসনীয় পদক্ষেপ । তিনি শতাধিক লোকক বিনামূলীয়া চিকিৎসা প্ৰদান । সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কামৰূপ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু ৰঙিয়া বিধানসভা যুৱ কংগ্ৰেছৰ সৌজন্যত বিনামূলীয়া চিকিৎসা আৰু চকু চিকিৎসা শিবিৰ ।

তুলসীবাৰী লাচিত জ্যোতি সংঘত অনুষ্ঠিত শিবিৰটোত তিনি শতাধিক লোকক বিনামূলীয়া স্বাস্থ্য আৰু বিনামূলীয়াকৈ চকুৰ চিকিৎসা কৰা হৈছে । কেইবাগৰাকী চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰা হৈছে অঞ্চলটোৰ লোকসকলক ।

শিৱিৰটোত ৰোগীসকলৰ মাজত বিনামূলীয়াকৈ ঔষধ ও বিতৰণ কৰা হয় । ইফালে যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰঙিয়াৰ ষ্টেডিয়াম কলনিৰ হৰিজন কলনীত বসবাস কৰা জেষ্ঠ লোকসকলক জনোৱা হয় সম্বাদ্ধনা । ইয়াৰ লগতে প্ৰাক্তন শিক্ষক মমত কলিতাক লগত লৈ যুৱ কংগ্ৰেছৰ কৰ্মীসকলে শিক্ষা যে বাধ্যতামূলক তাৰ ওপৰত সজাগতামূলক ভাষণ ৰাখে হৰিজন কলনীত ।

এই অনুষ্ঠান দুটাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি জুবেৰ আনম, কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সভাপতি আছিফুৰ ৰহমান, ৰঙিয়া বিধান সভা যুৱ কংগ্ৰেছৰ সভাপতি নাৰায়ণ দত্ত, ৰাজ্যিক যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কামাল হুছেইনৰ লগতে বহু কেইগৰাকী বিশিষ্ট লোক ।‌ ভিতৰুৱা অঞ্চলটোৰ সাধাৰণ ৰাইজৰ সুবিধাৰ্থে এনেধৰণৰ বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰাৰ বাবে গাঁওবাসীয়ে যুৱ কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰে ।