ৰঙিয়াঃ ৰঙিয়াৰ পশ্চিমপাৰ বাঘবাৰীত মহিলা সকলৰ বাবে এটা প্ৰশিক্ষণ শিবিৰৰ অনুষ্ঠিত কৰা হয়। ৰঙিয়া কৃষি বিভাগৰ উদ্যোগত আৰু বিভাগটোৰ আত্মা আঁচনিৰ অধিনত আৰু নকুল উন্নয়ন খণ্ডৰ সহযোগত এই প্ৰশিক্ষণ শিবিৰটোৰ আয়োজন কৰা হয়।
শিবিৰটোত মৰুৱা ধানৰদ্বাৰা ৰন্ধন শৈলীৰ লগতে মাছৰুম উৎপাদনৰ বিষয়ে স্থানীয় মহিলা সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় । শিবিৰটোত কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা অহা প্ৰশিক্ষক মধুস্মিতা ডেকাই মিলেট বা মৰুৱাধানৰ পৰা প্ৰস্তুত কৰিব পৰা বিভিন্ন খাদ্য সম্ভাৰ যেনে বিভিন্ন প্ৰকাৰৰ কেক্ বা বিস্কুট কেনেদৰে প্ৰস্তুত কৰা হয়, এই বিষয়ে মহিলা সকলক প্ৰশিক্ষণ দিয়ে।
লগতে মৰুৱাধান কেনেদৰে গুড়ি কৰা হয়, এই বিষয়েও শিবিৰটোত মহিলা সকলক প্ৰশিক্ষণ দিয়া হয়। প্ৰশিক্ষণটোত ৰঙিয়াৰ বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰায় পঞ্চাশ গৰাকী মহিলাই অংশগ্ৰহণ কৰে।
মিলেটৰ পৰা খাদ্য প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ পিছতেই মহিলা সকলক একেলগে মাছৰুম উৎপাদনৰ বাবেও প্ৰশিক্ষণ প্ৰদান কৰা হয়। নকুল কৃষি উন্নয়ন বিষয়া স্মিতা শৰ্মাই মহিলা সকলৰ আগত মাছৰুম উৎপাদনৰ বিষয়ে ব্যাখ্যা কৰে । বিশেষকৈ ‘অয়ষ্টাৰ মাছৰুম’ৰ উৎপাদনৰ বিষয়ে মহিলা সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় ।