ৰঙিয়াত ভাৰতীয় জনতা পাৰ্টিৰ হিতাধিকাৰী সন্মিলন ।

ৰঙিয়াত ভাৰতীয় জনতা পাৰ্টিৰ হিতাধিকাৰী সন্মিলন ।

কংগ্ৰেছৰ দিনত কাঠৰ দলংত লিখা আছিল দুৰ্বল দলং লাহে লাহে চলাব ঃ ভৱেশ কলিতা

কংগ্ৰেছ চৰকাৰৰ দিনত কাঠৰ দলংত লিখা আছিল দুৰ্বল দলং লাহে লাহে চলাব বা ভঙা দলং যাত্ৰী নমাই গাড়ী পাৰ কৰিব । কিন্তু বিজেপি দলে শাসনভাৰ লোৱাৰ পিচৰে পৰা সমগ্র অসমতে পকি দলং , পকি পথ হৈছে । এনে যাতায়তৰ সুবিধাৰ বাবে বৰ্তমান সময়ত সকলো ঠাই উন্নয়ণ হৈছে । আজি ৰঙিয়াৰ দিপ্তেশ্বৰীত অনুষ্ঠিত হোৱা ভাৰতীয় জনতাপাৰ্টিৰ উত্তৰ কামৰূপ জিলাৰ বিশাল হিতাধিকাৰী সভাত এনেদৰে কয় দলটোৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই ।

বিধায়ক গৰাকীয়ে তেওঁৰ ভাষণত আৰু কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে সকলোকে সম অধিকাৰ প্ৰদান কৰি তলৰ শ্ৰেণীৰ পৰিয়াল সমুহক বিভিন্ন আঁচনিৰ জৰিয়তে সুবিধা প্ৰদান কৰিছে । মহিলা সকলক সন্মান প্ৰদান কৰি স্বাৱলম্বী কৰাৰ বাবে বিভিন্ন আঁচনি প্ৰদান কৰিছে । এনে আঁচনিৰ দ্বাৰা ইতিমধ্যে বহু মহিলা স্বাৱলম্বী হৈ ঘৰখন সুন্দৰ ভাবে পৰিচালনা কৰিব পাৰিছে বুলি বিধায়ক গৰাকীয়ে উলেখ কৰে । ভাৰতীয় জনতাপাৰ্টিৰ মহা জনসম্পৰ্ক অভিযানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাখনত দলটোৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে । কংগ্ৰেছ দলে পৰিয়াল কেন্দ্ৰীক ৰাজনীতি কৰা বুলি অভিযোগ তুলি সভাপতি গৰাকীয়ে কয় যে বিজেপিত কোনেও পৰিয়াল কেন্দ্ৰীক ৰাজনীতি কৰা নাই ।

ৰঙিয়া সমষ্টিৰ প্ৰায় তিনি শতাধিক মহিলা উপস্থিত থকা সভাখনত বিধায়ক গৰাকীৰ লগতে উপস্থিত থাকে দলটোৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি সুৱল পালৰ লগতে উত্তৰ কামৰূপ জিলাৰ উপসভাপতি তথা ৰঙিয়া পৌৰ সভাৰ উপ পৌৰপতি বিদ্যুত ডেকা । ইফালে উক্ত সভাৰ আগতে ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত দলটোৰ এখন জনসম্পৰ্ক সভা অনুষ্ঠিত হয় । উক্ত সভাত বিজেপি দলৰ বিভিন্ন মৰ্চাৰ বিষয়ববীয়া সকল উপস্থিত থাকে । সভাখনত দলটোৰ সাংগঠনিক সন্ধৰ্ভত আলোচনা কৰা হয় ।