ৰঙিয়াত বৈদ্যগড় ক্লাৱৰ উদ্যোগত সাতগৰাকী কিক বক্সিংপদক বিজয়ীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হ’য়।
ডিব্ৰুগড়ত সদৌ অসম ভিত্তিত ১৩জুলাইৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত ৮ম বাৰ্ষিক কিক বক্সিং প্ৰতিযোগিতাত ৰঙিয়াৰ বৈদ্যগড় ক্লাৱে বিশেষ সাফল্য অৰ্জন কৰে।
প্ৰশিক্ষক বিল্লাল আলীৰ নেতৃত্বত কামৰূপ জিলা দলৰ হৈ প্ৰতিনিধিত্ব কৰা বৈদ্যগড় ক্লাৱৰ সাত গৰাকী প্ৰশিক্ষাৰ্থীয়ে পদক অৰ্জনৰে বিশেষ সুনাম কঢ়িয়াই আনিছে। সুমায়া ইয়াচমিন, দিক্ষিতা কলিতাই স্বৰ্ণ, উদিত কলিতা, দিলদাৰ হুছেইন, ইমৰাণ হুছেইনে ৰূপৰ তথা নিচা কলিতা আৰু আজিজুল হকে ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
ইফালে বৈদ্যগড় অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা পদক বিজয়ী প্ৰশিক্ষাৰ্থী সকলক আজি বৈদ্যগড় ক্লাৱৰ উদ্যোগত সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। প্ৰশিক্ষক বিল্লাল আলীয়ে আত ধৰা অনুষ্ঠানটোত বৈদ্যগড় গাওঁ পঞ্চায়তৰ সভাপতি দুলু ভূঞা, সাংবাদিক মহেন্দ্ৰ কলিতা, বৈদ্যগড় হাইস্কুলৰ কাৰ্যালয় সহায়ক নিৰঞ্জন ৰাজৱংশী, বিশিষ্ট ব্যৱসায়ী ছামাদ আলী, ভজন বিশ্বাস, জীৱন পাল প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যাক্তি উপস্থিত থাকি কৃতীত্ব অৰ্জনকাৰী খেলুৱৈ সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।