আজি বিশ্ব পৰিবেশ দিৱস । বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ৰঙিয়া নগৰৰ লগতে ৰাজ্যৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সম্পদ হিচাপে চিহ্নিত আৰিমত্ত গড়ত গছ পুলি ৰোপন ।
ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু ৰঙিয়া প্ৰেছ ক্লাৱৰ সহযোগত ৰঙিয়াৰ বিভিন্ন ঠাইত বগানভেলিয়াৰ গছপুলি ৰোপন কৰে ।
বগানভেলিয়া গছপুলি ৰোপনৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই । বৃক্ষ ৰোপণ কৰি তেওঁ সমাজখন প্লাষ্টিক মুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় । অনুষ্ঠানটোত ৰঙিয়াৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ, মহকুমাধিপতি দ্বীপন বৰ্মণৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা স্থানীয় ৰাইজে বৃক্ষ ৰোপণ কৰে ।
অনুষ্ঠানটোৰ শেষত মহকুমাধিপতি গৰাকীয়ে বগা, হালধীয়া আৰু গোলপীয়া ৰঙৰ বগানভেলিয়াবোৰ ফুলিলে ৰঙিয়া এখন সুন্দৰ “বগানভেলিয়া নগৰ” লৈ ৰূপান্তৰিত হব বুলি আশা প্ৰকাশ কৰে । বৃক্ষ ৰোপণৰ বাবে ৰঙিয়াৰ কেইবাখনো চিকিৎসায়, ব্যৱসায়িক প্ৰতিস্থান, কেইবাখনো অনুষ্ঠানৰ স্বত্বাধিকাৰী সকলে নিজা খৰচত মহকুমা প্ৰশাসনক বগানভেলিয়াৰ গছপুলি আগবঢ়াই ।
ইফালে এই কাৰ্যসূচীৰ অংশ হিচাপে আৰিমত্ত গড়তো সৌন্দৰ্যবদ্ধন আৰু সংৰক্ষণৰ বাবে গছপুলি ৰোপণৰ ব্যৱস্থা কৰা হয় । গড়টোত সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ সহায়ত মহকুমা প্ৰশাসনে প্ৰায় এক কিলোমিটাৰ অংশত বিভিন্ন ফল মূলৰ বৃক্ষ ৰোপণৰ ব্যৱস্থা গ্ৰহণ কৰিছে । উল্লেখ্য যে কেইবা শ বছৰ পূৰ্বে ৰজা বৈদ্য আৰু ৰজা আৰিমত্তই নিজৰ ৰাজ্যৰ সুৰক্ষাৰ বাবে আৰিমত্ত গড় নিৰ্মাণ কৰিছিল । ঐতিহাসিক সমল থকা আৰিমত্ত গড়টোৰ বহু ঠাই বৰ্তমান বেদখলকাৰীৰ কবলত ।