শুক্ৰবাৰে ৰঙিয়া মহাবিদ্যালয় পেক্ষাগৃহত বিটিআৰৰ চুপাৰ ৫০ ৰ দ্বিতীয় বৰ্ষৰ অৰিয়েণ্টেচন(orientation) হৈ যায় । এই উপলক্ষে আয়োজন কৰা সভাখনত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰে ।

বিটিআৰ চৰকাৰৰ শিক্ষা বিশেষজ্ঞ ড০ নিৰঞ্জন ইছলাৰীয়ে আঁত ধৰা সভাখনত চলিত বৰ্ষৰ বিটিআৰৰ চুপাৰ ৫০ ৰ এপিএছচি আৰু ইউপিএছচিৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰশিক্ষণ লব ওলোৱা ছাত্র ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলে অংশগ্ৰহণ কৰে ।

জাতীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ৰঙিয়া মহকুমা আৰক্ষী বিষয়া চেজল আগৰৱালাই ছাত্র ছাত্ৰী সকলক উদ্দেশ্যি সাৰুৱা ভাষণ দিয়ে । আগন্তুক সময়ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ত ছাত্র ছাত্ৰী সকলে সন্মুখীন হব লগীয়া সাম্ভাব্য প্ৰশ্ন সম্পৰ্কেও কিছু উপদেশ দিয়ে ।

আনহাতে বিটিআৰৰ প্ৰমুখ প্ৰমোদ বড়োৱে উপস্থিত ছাত্র ছাত্ৰী সকলক উদ্দেশ্যি কয় যে যদি জীৱনত সফল হবলৈ হলে প্ৰতিজন ছাত্ৰই পৰিবেশ আৰু পৰিস্থিতিৰ লগত যুদ্ধ কৰিবই লাগিব । যদিহে অসুবিধা পাই মাজবাটতে সকলো এৰি আতৰি আহে তেতিয়াহলে জীৱনত কেতিয়াও সফলতা কৰিব নোৱাৰি । অনুষ্ঠানটোত মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰী সকলৰ লগতে কেইবাগৰাকীও প্ৰশাসনিক বিষয়াই অংশগ্ৰহণ কৰে ।