ৰঙিয়াত বন্দে ভাৰত দ্ৰুতগামী যাত্ৰীবাহী ৰেলক উষ্ম আদৰণি

বন্দে ভাৰত দ্ৰুতগামী যাত্ৰীবাহী ৰেলৰ যাত্ৰীক ৰঙিয়াত উস্ম আদৰণি জনালে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই ।

ভাৰতীয় ৰেলত নতুন সংযোজন হিচাপে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী শুভ উদ্বোধন কৰা দ্ৰুতগামী যাত্ৰীবাহী ৰেল বন্দে ভাৰত সোমবাৰে ১২ বজাত উপস্থিত হয় ৰঙিয়া জংচনত । ৰেলখন আজি কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাওচাহেৱ দাদাৰাওৱে দিনৰ ১১ বজাত গুৱাহাটী ৰেল ষ্টেচনত ফ্লেগ অ’ফ কৰি শুভ উদ্ধোধন কৰাৰ পিচতে ৰঙিয়াত আহি উপস্থিত হয় ।

দ্ৰুতগামী ৰেলখন ৰঙিয়া জংচনত উপস্থিত হোৱাৰ লগে লগে ৰঙিয়া ষ্টেচনত উপস্থিত হয় ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ভাৰতীয় জনতাপাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক হিতেশ ৰয়ৰ লগতে ৰঙিয়া ৰেলৱৈ মাণ্ডলিক সংমণ্ডল গৰাকী ।‌ উক্ত ব্যক্তি কেইজন উপস্থিত হৈ ৰেলখনত গুৱাহাটীৰ পৰা আলীপুৰদোৱাৰলৈ যাত্ৰা কৰা যাত্ৰী সকলক উস্ম আদৰণি জনোৱা হয় ।

দ্ৰুতগামী ৰেলখন শুভ আৰম্ভ কৰা সন্ধৰ্ভত বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতিজনে কয় যে ভাৰতক এখন আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে পৰিচিত কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চেষ্টা অব্যহত ৰাখিছে ‌ সেঈমতে প্ৰায় ক্ষেত্ৰতে উন্নয়ন আৰম্ভ হৈছে । উদাহৰণ স্বৰূপে যোৱাকালি দিল্লীত আটক ধুনীয়া সাংসদ ভৱনটো উদ্ধোধন কৰিলে বুলি উল্লেখ কৰি বিধায়ক কলিতাই কয় যে আজি পুণৰ সমগ্ৰ উত্তৰ পূৱৰ ৰেল যাত্ৰীৰ সুবিধাৰ বাবে দ্ৰুততম যাত্ৰীবাহী ৰেল বন্দে ভাৰত শুভ উদ্বোধন কৰিলে ।