ৰঙিয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লাভ জেহাদকলৈ কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে শনিবাৰে বিজেপিৰ ভগ্নী সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
সংগঠনটোৰ কেবা শতাধিক কৰ্মীয়ে ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনৰ সন্মুখৰ পৰা প্ৰতিবাদী সমদল উলিয়ায় । যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা আৰু সাধাৰণ সম্পাদক ত্ৰিদীপ জ্যোতি মৰাণৰ নেতৃত্বত ভূপেন বৰাৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়ায় ।
প্ৰতিবাদকাৰী সকলে ভূপেন বৰা মুৰ্দাবাদ , ভগৱান শ্ৰীকৃষ্ণ আৰু ধৃতৰাষ্ট্ৰক লাভ জেহাদী আখ্যা দিয়া ভূপেন বৰা লেই লেই চেই চেই আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে ।
যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই সনাতনী সংস্কৃতিৰ আত্মা স্বৰূপ ভগৱান শ্ৰীকৃষ্ণক অপমান কৰাৰ সাহস ক’ত পালে বুলি প্ৰশ্ন কৰে । লগতে অতি শীঘ্ৰে ভূপেন বৰাক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ।
সমদলটো নগৰখনৰ মাজ মজিয়াৰে পৰিভ্ৰমণ কৰে । পিছত প্ৰতিবাদকাৰী সকলে ভূপেন বৰাৰ প্ৰতিকৃতি দাহ কৰে । প্ৰতিবাদকাৰী সকলে প্ৰতিকৃতি দাহ কৰাৰ সময়ত আৰক্ষীয়ে পানীৰে পুত্তলিকাৰ জুই নুমুৱাবলৈ বিচৰা সময়ত আৰক্ষীৰ সৈতে টনা-আঁজোৰা হয় । পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।