ৰঙিয়াত তৈল পাম খেতিৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী

ৰঙিয়াঃ তৈল পাম খেতিৰ বিৰুদ্ধে ৰঙিয়াত ধৰ্ণা কাৰ্যসূচী। ৰঙিয়াত গুজৰি উঠিল কৃষক সভা আৰু কৃষি শ্ৰমিক ইউনিয়ন।

ৰঙিয়া গান্ধী মণ্ডপৰ সমুখত দিয়া ধৰ্ণা কাৰ্যসূচীৰ পৰা চৰকাৰক সকীয়নি। জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি হব পৰা এই পাম খেতি বন্ধ কৰক। প্ৰতিবাদকাৰী সকলৰ দাবী- তৈল পাম খেতিয়ে শেষ কৰিব অসমক । সময় থাকোতেই এনে হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় প্ৰতিবাদ কাৰীসকলে।

অসমৰ ৰাইজে নিবিচৰা এই তৈল পাম খেতি কেবল একাংশ লোকক তুষ্টি কৰণৰ বাবেই ড: হিমন্ত বিশ্ব শৰ্মাই বৰপীৰা পাৰি দিয়া বুলি অভিযোগ কৰে। ধৰ্ণা কাৰ্যসূচীত গীত গাই প্ৰতিবাদ কাৰী সকলে তৈল পামখেতিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰা পৰিলক্ষিত হয়।