ৰঙিয়াত জল সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু সচেতনতাৰে বাটৰ নাট

পানীয়ে প্ৰাণীৰ প্ৰাণ। বিশুদ্ধ খোৱা পানী জনসাধাৰণক যোগান ধৰাৰ লক্ষ্যৰে ৰাজ্যত ৰূপায়ণ হৈ আহিছে জল জীৱন মিচন শীৰ্ষক অভিলাষী আচনি। এনে সময়তে জল সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ দিশ সন্দৰ্ভত জনসাধাৰণক সচেতন কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰঙিয়াৰ জলটিৰাম হাইস্কুল কৰ্তৃপক্ষই।

বৃহস্পতিবাৰে ৰঙিয়াৰ বিভিন্ন স্থানত বিদ্যালয় খনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় সচেতনতাৰ বাণী সমৃদ্ধ বাটৰ নাট।

বিশিষ্ট পৰিচালক পঙ্কজ পল্লৱ শৰ্মাৰ পৰিচালনাত বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী সকলে ৰঙিয়া জংচনকে ধৰি আন কেবা থাইতো বাটৰ নাট প্ৰদৰ্শন কৰে ।

নাটখনিৰ জৰিয়তে সমবেত দৰ্শক সকলক পানীৰ উপযুক্ত ব্যৱহাৰ আৰু সংৰক্ষণৰ আহ্বান জনাই অভিনিত শিল্পী সকলে ।