ৰঙিয়াত ছিণ্ডিকেটৰ বিৰুদ্ধে ‘চি পি আই এম’ দলৰ প্ৰতিবাদ।
চিপিআই(এম)ৰ উদ্যোগত ৰঙিয়াৰ পৰিবহন নিগমৰ কাৰ্যালয়ৰ সমুখত ৰাজ্যত চলি থকা ‘ছিণ্ডিকেট’তৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে ।
ছিণ্ডিকেট’ত জড়িত বিয়াগোম ৰাজনৈতিক নেতাৰ লগতে সকলোৰে শাস্তিৰ দাবীত অনুষ্ঠিত হোৱা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত চিপিআইএম দলৰ জিলা সম্পাদক বাসুদেৱ কলিতা, জিলা নেতা বিবেকানন্দ অধিকাৰী আৰু বীৰেন্দ্ৰ নাথ শৰ্মাই বক্তব্য আগবঢ়ায়।
বক্তা সকলে বিজেপিৰ ৰাজ্যিক সভাপতি আৰু ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাৰ ব্যক্তিগত সহায়ক জিতু দাসক গ্ৰেপ্তাৰৰ দাবীত, লগতে বিধায়ক কালিতাকো তদন্তৰ আওতালৈ অনাৰ দাবী উত্থাপন কৰে। আবেলি ৪:৩০ বজাৰ পৰা ৬:১৫ বজালৈ হোৱা কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰে।