ৰঙিয়াত চিকিৎসা সজাগতা সভা আৰু বিনামূলীয়া চিকিৎসা শিবিৰ

ৰঙিয়াৰ তুলসিবাৰীত যুৱ সংঘৰ উদ্যোগত আৰু বেটাৰ লাইফ মেডিকেল চেণ্টাৰৰ সহযোগত চিকিৎসা সজাগতা সভা আৰু বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হ’য়।

ৰঙিয়াৰ তুলসিবাৰীত আজি যুৱ সংঘৰ উদ্যোগত আৰু বেটাৰ লাইফ মেডিকেল চেণ্টাৰৰ সহযোগত স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। উক্ত শিবিৰটো তুলসিবাৰীৰ যুৱ সংঘৰ কাৰ্যলয়ত অনুষ্ঠিত কৰা হয় ।

আজিৰ এই চিকিৎসা শিবিৰটো শুভ উদ্বোধন কৰে ৰঙিয়াৰ তুলসিবাৰীৰ বিশিষ্ট সমাজ কৰ্মী তথা ব্যৱসায়ী ম: খোৰচ্ছেদ আলিয়ে। আজিৰ এই চিকিৎসা শিবিৰ আৰু সজাগতা মূলক সভাত প্ৰায় শতাধিক লোকে চিকিৎসা সেৱা গ্ৰহণ কৰে ।

আজিৰ এই শিবিৰটোত ডাক্টৰ মুস্তাফিজোৰ ৰহমানৰ নেতৃত্বত ৰোগী সকলক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হয় ।

জনসাধাৰণৰ কল্যাণৰ স্বাৰ্থত তুলসিবাৰীৰস্থিত আগশাৰী অনুষ্ঠান যুৱ সংঘ আৰু বেটাৰ লাইফ মেডিকেল চেণ্টাৰৰ সহযোগত আজিৰ সজাগতা মূলক সভা আৰু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়।